November 24, 2025 9:20 AM

views 78

চত্তিশগড় আৰক্ষীৰ দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ

চত্তিশগড় আৰক্ষীয়ে কালি দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। নাইমেড আৰক্ষী আৰু কোৱা টু হান্ড্রেড টেন ৰিজেমেণ্টে চলোৱা প্ৰথমটো যুটীয়া অভিযানত কাণ্ডাকা-জাপেলি বনাঞ্চলৰ পৰা বিস্ফোৰকসহ ৫ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে ভূপাল পত্নম আৰক্ষীয়ে মট্টিমার্কা পথত অভিযান চলাই বিস্ফোৰকসহ দুজন মাওবাদীক গ্ৰেপ্তাৰ কৰে। ধৃত মাওবাদীকেইজনৰ পৰা এটা টিফিন বন্ধ, এটা ডিট’নেটৰ, বৈদ্যুতিক তাঁৰ আৰু কৰ্ডেক্স তাঁৰ উদ্ধাৰ কৰা হয় ।

February 2, 2025 12:22 PM

views 101

ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৮ জন মাওবাদী নিহত

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ গংগলুৰ এলেকাত কেইজনমান মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যৌথ দলে চলোৱা তালাচী অভিযানৰ সময়ত হোৱা গুলীয়াগুলীত এই মাওবাদীকেইজন নিহত হয়। সংঘৰ্ষস্থলিৰ পৰা ৮জন মাওবাদীৰ মৃতদেহ আৰু বিপুল পৰিমাণৰ গুলীবাৰুদ উদ্ধাৰ কৰা হৈছে।

January 12, 2025 6:50 PM

views 96

চত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ৩ জন মাওবাদী নিহত

চত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ৩ জন মাওবাদী নিহত হয়। বীজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা নিৰাপত্তা বাহিনীৰ এটা যৌথ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীসকল অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে অৱগত হয়। এই অভিযানত পুৱাৰ ভাগতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীত ৩ জন মাওবাদী নিহত হয়। নিৰাপত্তা বাহিনীৰ লোকে নিহত মাওবাদীসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে এই অভিযান অব্যাহত আছে।

November 22, 2024 5:54 PM

views 73

ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ১০জন মাওবাদী নিহত

ছত্তীশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০জন মাওবাদী নিহত হয়। চুকমা জিলাৰ কন্টা অঞ্চলত চি আৰ পি এফ আৰু জিলা ৰিজাৰ্ভ গার্ড-ডি আৰ জিৰ যুটীয়া দল এটাই অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তালাচী অভিযান চলাইছিল। অভিযানৰ সময়ত ভেজ্জী অঞ্চলৰ জংঘল আৰু পাহাৰত সংঘটিত সংঘর্ষত মাওবাদীকেইজন নিহত হয়। ঘটনাস্থলীত নিহত মাওবাদীকেইজনৰ মৃতদেহৰ লগতে এটা এ কে ৪৭ আৰু এটা ছেল্ফ লোডিং ৰাইফলকে ধৰি বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। উল্লেখ্যযোগ্য যে ...

November 10, 2024 8:06 PM

views 109

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছৰ আয়োজন

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছে আয়োজন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ লগতে ৰাজ্যখনৰ আন আন মন্ত্রীসকলেও কার্যসূচীত অংশগ্রহণ কৰিব। ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰগতিত জনজাতীয় সম্প্ৰদায়ৰ তাৎপৰ্যপূৰ্ণ বৰঙণি তথা বীৰচা মুণ্ডাৰ ঐতিহ্যক সন্মানিত কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে জনজাতীয় ঐতিহ্য উদযাপিত হোৱাৰ ল...

July 7, 2024 8:35 PM

views 90

ছত্তিশগড়ৰ সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ

ছত্তিশগড় নিৰাপত্তা বাহিনীয়ে চলোৱা এটা তালাচী অভিযানত সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। নিৰাপত্তাৰক্ষীৰ দলটোৱে মাওবাদী কেইজনৰ পৰা দুটা বি জি এল চেল, ৯টা ডিটনেটৰ, এটা টিফিন বোমাৰ লগতে অন্যান্য সামগ্রী জব্দ কৰে ।

June 23, 2024 8:21 PM

views 78

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিয়লি প্রায় ৩ বজাত নিৰাপত্তা বাহিনীৰ জোৱানসকলে ছিলগাৰৰ পৰা টেকলাগুদাম শিবিৰলৈ আগুৱাই যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাষ্টাৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিটোত ২০১ কোব্ৰা বেটেলিয়নৰ জোৱানসকলে মটৰচাইকেল আৰু ট্রাকেৰে গৈ থকা অৱস্থাত বোমাটো বিস্ফোৰণ হয়। ঘটনাৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

June 8, 2024 1:33 PM

views 65

চত্তিশগড়ৰ বাস্তৰ জিলাত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত

চত্তিশগড়ৰ বাস্তৰ জিলাত কালি সংঘটিত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত হয়। নিহত নক্সালবাদীকেইটাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াই জনোৱা মতে, নাৰায়ণপুৰ আৰু ধনতেৱাৰা জিলাৰ সীমান্ত অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। গোৱেলৰ জংঘলত নক্সালবাদী কেইটা লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছতেই জিলা সংৰক্ষিত বাহিনী আৰু ভাৰত তিববত সীমা আৰক্ষী ITBP য়ে যুটীয়াভাৱে অভিযান চলায়। অভিযানৰ সময়ত গোৱেল জংঘলত সংঘটিত গুলীয়াগুলীৰ ঘটনাত জিলা সংৰক্ষিত বাহিনীৰ তিনিজন জোৱান আহত হয়। জানিব পৰা মতে অঞ্চলটোত এতিয...

May 31, 2024 11:54 AM

views 63

ছত্তীশগড়ত বিজাপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা ১৬জন মাওবাদীক গ্ৰেপ্তাৰ

ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে বিজাপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা ১৬জন মাওবাদীক গ্ৰেপ্তাৰ কৰিছে। বিজাপুৰ থানা এলেকাৰ অন্তৰ্গত গোনা পডিয়াৰপাৰা অঞ্চলৰ পৰা ১১জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে, উছুৰ থানা এলেকাৰ অন্তৰ্গত ভূছাপুৰ অঞ্চলৰ পৰা ৫জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰা মতে, ধৃত মাওবাদী কেইজন আই ই ডি বিস্ফোৰণ আৰু অঞ্চলটোত নিৰাপত্তা বাহিনীৰ চলাচল ৰোধৰ বাবে পথ খন্দা কাণ্ডৰ সৈতে জড়িত আছিল।

May 5, 2024 8:26 PM

views 91

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত  ৩৫ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত আজি ৩৫টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰে তিনিটা মাওবাদীৰ শিৰৰ বিনিময়ত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ডাণ্টেৱাড়া আৰক্ষীয়ে চলোৱা লন ৱাৰাটো কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাওবাদীসকলে আজি আৰক্ষী সঞ্চালকপ্ৰধান তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ আগত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী মাওবাদীসকল ভৈৰামগড় আৰু কাটেকল্যান এলেকাত সক্ৰিয় আছিল বুলি জানিব পৰা গৈছে। তদুপৰি পথ অবৰোধকে ধৰি বহু নক্সালবাদী কাৰ্যকলাপটো এই মাওবাদীসকল জড়িত...