ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত আজি ৩৫টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰে তিনিটা মাওবাদীৰ শিৰৰ বিনিময়ত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ডাণ্টেৱাড়া আৰক্ষীয়ে চলোৱা লন ৱাৰাটো কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাওবাদীসকলে আজি আৰক্ষী সঞ্চালকপ্ৰধান তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ আগত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী মাওবাদীসকল ভৈৰামগড় আৰু কাটেকল্যান এলেকাত সক্ৰিয় আছিল বুলি জানিব পৰা গৈছে। তদুপৰি পথ অবৰোধকে ধৰি বহু নক্সালবাদী কাৰ্যকলাপটো এই মাওবাদীসকল জড়িত থকাৰ অভিযোগ আছে। উল্লেখযোগ্য যে এই মাওবাদীসকলক চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ্বাসন নীতিৰ অধীনত প্রত্যেককে ২৫ হাজাৰ টকাকৈ উদগনি হিচাপে আগবঢ়োৱা হৈছে। ডাণ্টেৱাড়া আৰক্ষীৰ লন ৱাৰাটো কাৰ্যসূচীৰ অধীনত বৰ্তমানলৈকে ৭৯৬ টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।
Assamese | May 5, 2024 8:26 PM | Chhattisgarh
ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত ৩৫ মাওবাদীৰ আত্মসমৰ্পণ