ছত্তীশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০জন মাওবাদী নিহত হয়। চুকমা জিলাৰ কন্টা অঞ্চলত চি আৰ পি এফ আৰু জিলা ৰিজাৰ্ভ গার্ড-ডি আৰ জিৰ যুটীয়া দল এটাই অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তালাচী অভিযান চলাইছিল। অভিযানৰ সময়ত ভেজ্জী অঞ্চলৰ জংঘল আৰু পাহাৰত সংঘটিত সংঘর্ষত মাওবাদীকেইজন নিহত হয়। ঘটনাস্থলীত নিহত মাওবাদীকেইজনৰ মৃতদেহৰ লগতে এটা এ কে ৪৭ আৰু এটা ছেল্ফ লোডিং ৰাইফলকে ধৰি বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। উল্লেখ্যযোগ্য যে বৰ্তমানেও আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে ।
Assamese | November 22, 2024 5:54 PM | Chhattisgarh
ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ১০জন মাওবাদী নিহত