চত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ৩ জন মাওবাদী নিহত হয়। বীজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা নিৰাপত্তা বাহিনীৰ এটা যৌথ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীসকল অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে অৱগত হয়। এই অভিযানত পুৱাৰ ভাগতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীত ৩ জন মাওবাদী নিহত হয়। নিৰাপত্তা বাহিনীৰ লোকে নিহত মাওবাদীসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে এই অভিযান অব্যাহত আছে।
Assamese | January 12, 2025 6:50 PM | Chhattisgarh
চত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ৩ জন মাওবাদী নিহত