চত্তিশগড় আৰক্ষীয়ে কালি দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। নাইমেড আৰক্ষী আৰু কোৱা টু হান্ড্রেড টেন ৰিজেমেণ্টে চলোৱা প্ৰথমটো যুটীয়া অভিযানত কাণ্ডাকা-জাপেলি বনাঞ্চলৰ পৰা বিস্ফোৰকসহ ৫ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে ভূপাল পত্নম আৰক্ষীয়ে মট্টিমার্কা পথত অভিযান চলাই বিস্ফোৰকসহ দুজন মাওবাদীক গ্ৰেপ্তাৰ কৰে। ধৃত মাওবাদীকেইজনৰ পৰা এটা টিফিন বন্ধ, এটা ডিট’নেটৰ, বৈদ্যুতিক তাঁৰ আৰু কৰ্ডেক্স তাঁৰ উদ্ধাৰ কৰা হয় ।
Assamese | November 24, 2025 9:20 AM | Chhattisgarh
চত্তিশগড় আৰক্ষীৰ দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ