♦ কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত কালি নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ পৰা সন্ত্ৰাসবাদী গোটৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে শ্বোপিয়ানৰ আলুৰা ইমাম চাহাব এলেকাত তালাচী চলাইছিল। অভিযানত গ্ৰেপ্তাৰ হোৱা দুই সন্ত্ৰাসবাদীৰ পৰা এটা মেগজিন, ৮জাই সক্রিয় গুলী, চীনত নিৰ্মিত দুটা গ্ৰেণেডৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। ইমাম চাহাব আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।
Assamese | May 6, 2024 12:27 PM | Indian Army | Jammu & Kashmir | Terrorist
দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত সন্ত্ৰাসবাদী গোটৰ ২ সহযোগীক গ্ৰেপ্তাৰ