May 29, 2025 3:34 PM

views 35

সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে বিদেশ ভ্ৰমণত সংসদীয় প্রতিনিধি দলৰ আলাপ-আলোচনা অব্যাহত

সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্রতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা নেতৃত্বাধীন সর্বদলীয় প্রতিনিধি দলটো যোৱা ২৭ মে'ৰ পৰা চৌদি আৰৱত বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হৈছে। তেওঁলোকে যোৱা ২২ এপ্ৰিলত ২৬ গৰাকী অসামৰিক ব্যক্তিক হত্যা কৰা পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাটোৰ বিষয়ে ...

May 24, 2025 6:40 PM

views 50

অসম-অৰুণাচল সীমান্তত আলফা স্বাধীনৰ সদস্য ৰূপম অসমক আটক

তিনিচুকীয়া আৰক্ষীয়ে আজি পুৱাৰ ভাগত অসম-অৰুণাচল সীমান্তৰ জংঘলত অভিযান চলাই নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ সদস্য ৰূপম অসমক আটক কৰে। আৰক্ষীয়ে সদস্যজনৰ পৰা অস্ত্ৰ- শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আলফা স্বাধীনৰ অন্যান্য সদস্যসকলৰ সন্ধানত সীমান্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে।

May 24, 2025 4:25 PM

views 59

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ ৩ মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ তিনিজন মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়৷ যোৱা নিশা লাতেহাৰ জিলাৰ ছলাইয়া অৰণ্যৰ সমীপত আৰক্ষীৰ সৈতে মাওবাদী দলৰ গুলিয়াগুলি হয়। নিহত পাপ্পু লোহাৰা আছিল ঝাৰখণ্ড জনমুক্তি পৰিষধ নামৰ নক্সাল সংগঠনটোৰ মুৰব্বী। চৰকাৰে তেওঁৰ ওপৰত ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। শীৰ্ষ আৰক্ষী বিষয়াই দাবী কৰা অনুসৰি ৰাজ্যখনত বৰ্তমান কিছুসংখ্য নক্সাল বিদ্রোহীহে সক্ৰিয় হৈ আছে।

May 21, 2025 7:53 PM

views 49

ছট্টিশগড়ৰ নাৰায়ণপুৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত

ছট্টিশগড়ৰ নাৰায়ণপুৰ জিলাৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ছট্টিশগড়ৰ নাৰায়ণপুৰ, দান্তেৱাৰা, বিজাপুৰ আৰু কন্দাগাঁৱৰ জিলা সংৰক্ষিত বাহিনীৰ এটা যৌথ দলে অবুঝমাড় এলেকাত নক্সালবাদীৰ এজন শীর্ষ নেতা আৰু ভালেসংখ্যক নক্সালবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰি আজি পুৱা চলোৱা অভিযানত এই নক্সালবাদীকেইজন নিহত হয়। আমালৈ বাতৰি অহাৰ পৰলৈকে নক্সালবাদী আৰু সুৰক্ষা ...

April 26, 2025 7:00 PM

views 44

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা

জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলী বৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়া গুলিৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহিনীৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি নিয়ন্ত্ৰণ ৰেখাত শান্তি ভংগ কৰাৰ উদ্দেশ্যৰেই পাকিস্তানে অপ্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰে। সমগ্ৰ পৰিস্থিতিত ভাৰতীয় বাহিনীয়ে সুক্ষ্ম দৃষ্টি ৰাখি আছে। পেহেলগাম সন্ত্রাসবাদী আক...

April 23, 2025 7:44 PM

views 49

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

জম্মু-কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই পত্নী-পুত্ৰৰ সৈতে বেইচৰণ উপত্যকাত ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ-গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্রাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবেই পৰিয়ালটোলৈ গুলীচালনা নকৰিলে বুলি দেৱাশীষ ভট্টাচাৰ্যই আমাৰ শিলচ...

December 19, 2024 5:16 PM

views 48

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সন্ত্রাসবাদ বিৰোধী অভিযানত আজি পুৱা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫ টা সন্ত্ৰাসবাদী নিহত হয়। সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱা দুজন সেনা জোৱানক চিকিৎ‍সাৰ বাবে প্ৰেৰণ কৰা হৈছে। এটা বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত যোৱা নিশা সুৰক্ষা বাহিনীয়ে অভিযান চলাই বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। সুৰক্ষা বাহিনীৰ লোকে সন্ত্ৰাসবাদী কেইটা লুকাই থকা বুলি সন্দেহ কৰা কাদেৰ গাওঁত অভিযান চলোৱা সময়তে সন্ত্রাসবাদীকেইটাই তেওঁলোকলৈ লক্ষ্য ...

December 18, 2024 2:03 PM

views 45

সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA-ই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা বুলি প্ৰকাশ কৰিছে। পাঞ্জাৱৰ ম’হালিৰ NIA ৰ এখন বিশেষ আদালতত কালি এই অভিযোগনামা দাখিল কৰা হয়। তদন্তকাৰী সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত যশপ্রীত সিং ওৰফে যশ আৰু বলজিৎ‍ সিং ওৰফে ৰানা ভাই বিদেশস্থিত খালিস্তানী সন্ত্রাসবাদী লখবীৰ সিং ওৰফে লন্দাৰ দলৰ সক্ৰিয় সদস্য।

November 20, 2024 9:11 PM

views 65

পাকিস্তানত নিৰাপত্তা চকীক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ বান্নু জিলাৰ মালিখেলৰ এটা নিৰাপত্তা চকীক লক্ষ্য কৰি যোৱা নিশা চলোৱা এটা আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত হয় আৰু অন্য ১০ জন গুৰুতৰভাৱে আহত হয়। পাকিস্তানৰ সামৰিক বাহিনীৰ সংবাদ শাখা আই এছ পি আৰে প্ৰকাশ কৰা মতে, আক্ৰমণকাৰীসকলে বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন বাহনে চকীটোৰ দেৱালত খুন্দিয়ায়। ইয়াৰ পাছত সুৰক্ষা বাহিনীৰ সৈতে হোৱা গুলিয়াগুলীত চকীটোৰ পৰা আক্ৰমণ চলোৱা ৬জন আক্ৰমণকাৰী নিহত হয়।

October 9, 2024 6:13 PM

views 47

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযানৰ সময়ত এজন সৈনিক সন্ধানহীন

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযান এটাৰ সময়ত এজন সৈনিক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। সেনা বাহিনীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰকাশ কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কোকেৰনাগৰ কাজৱান বনাঞ্চলত কালি আৰক্ষী আৰু আন নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়। ওৰে নিশা চলোৱা এই অভিযানৰ সময়তে এজন জোৱান সন্ধানহীন হোৱা বুলি উল্লেখ কৰি বাতৰিটোত লগতে কোৱা হৈছে যে, অঞ্চলটোত ব্যাপক তালাচী অভিযান চলাই থকা হৈছে।