ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ তিনিজন মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়৷ যোৱা নিশা লাতেহাৰ জিলাৰ ছলাইয়া অৰণ্যৰ সমীপত আৰক্ষীৰ সৈতে মাওবাদী দলৰ গুলিয়াগুলি হয়। নিহত পাপ্পু লোহাৰা আছিল ঝাৰখণ্ড জনমুক্তি পৰিষধ নামৰ নক্সাল সংগঠনটোৰ মুৰব্বী। চৰকাৰে তেওঁৰ ওপৰত ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। শীৰ্ষ আৰক্ষী বিষয়াই দাবী কৰা অনুসৰি ৰাজ্যখনত বৰ্তমান কিছুসংখ্য নক্সাল বিদ্রোহীহে সক্ৰিয় হৈ আছে।
Assamese | May 24, 2025 4:25 PM | Akashvani News | Jharkhand | Maobadi | Terrorist
ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ ৩ মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত