August 11, 2026 2:53 PM

views 23

ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDAৰ সমদল

ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDA সমদল উলিয়ায়। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ গৃহমন্ত্রী অমিত শ্বাহ সাজু বুলি চৰকাৰে আশ্বাস দিয়াৰ পাছতো বিৰোধীয়ে আলোচনাৰ পৰা আঁতৰি আছে বুলি অভিযোগ উত্থাপন কৰি সাংসদসকলে প্লেকার্ড লৈ এই সমদলত অংশগ্ৰহণ কৰে। আজি মংগল মিলন কাৰ্যসূচীৰ অন্তত NDA-ৰ সাংসদসকলে এই পদযাত্রা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেলে বিৰোধীয়ে ইচ্ছাকৃতভাৱে সংসদৰ কাম- কাজত ব্যাঘাত জন্মোৱা বুলি অভিযোগ উত্থাপন কৰে। সংবাদ ...

January 22, 2026 8:39 PM

views 65

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰান্দা বনাঞ্চলত আজি সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘর্ষ

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰান্দা বনাঞ্চলত আজি পুৱা সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘর্ষ হয়। এই সংঘর্ষত ১০ জনতকৈ অধিক মাওবাদী নিহত হয়। নিহতসকলৰ ভিতৰত গিৰিদিহ জিলাৰ মাওবাদী নেতা পাটিৰাম মাঝি ওৰফে অনলদা অন্যতম। উল্লেখযোগ্য যে গিৰিদিহ, ওকাৰো, হাজাৰিবাগ, খুণ্টি, চেৰাইখেলা, খাৰচোৱান আৰু পশ্চিম সিংভূমত প্রায় দুই দশক ধৰি মাওবাদী কার্যকলাপত সক্রিয় হৈ থকা অনলদাক নিৰাপত্তা বাহিনীক আক্রমণ, আই ইডি বিস্ফোৰণ আৰু ধন দাবীকে ধৰি কেইবাটাও গোচৰত সন্ধান কৰি থকা হৈছিল।

November 11, 2025 6:25 PM

views 104

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত...

July 17, 2025 7:47 PM

views 64

নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন

ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য আজি ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। জোৱানগৰাকীৰ শেষকৃত্যত অঞ্চলটোৰ কেইবাগৰাকীও লোকে অংশ লৈ ছহিদগৰাকীলৈ শ্ৰদ্ধা জনায়। জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি জোৱানগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক ৫০ লাখ টকাৰ সাহায্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পদত পৰিয়া...

July 4, 2025 1:12 PM

views 69

আজি ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ্থ বৃদ্ধিৰ প্ৰচেষ্টাৰ বিকেন্দ্ৰীকৰণ আৰু দেশৰ পূব প্ৰান্তত সেৱা প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। কেন্দ্ৰটোৱে বিশেষকৈ ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগত গুৰুত্ব আৰোপেৰে মিছন শক্তি, মিছন বাৎসল্য, মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ অভিযানৰ দ্বিতীয় সংস্কৰণৰ দৰে ভালেমান উদ্যমৰ প্ৰশি...

May 24, 2025 4:25 PM

views 72

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ ৩ মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত

ঝাৰখণ্ডত দুৰ্ধৰ্ষ মাওবাদী পাপ্পু লোহাৰাসহ তিনিজন মাওবাদী বিদ্ৰোহী পুলিচৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়৷ যোৱা নিশা লাতেহাৰ জিলাৰ ছলাইয়া অৰণ্যৰ সমীপত আৰক্ষীৰ সৈতে মাওবাদী দলৰ গুলিয়াগুলি হয়। নিহত পাপ্পু লোহাৰা আছিল ঝাৰখণ্ড জনমুক্তি পৰিষধ নামৰ নক্সাল সংগঠনটোৰ মুৰব্বী। চৰকাৰে তেওঁৰ ওপৰত ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। শীৰ্ষ আৰক্ষী বিষয়াই দাবী কৰা অনুসৰি ৰাজ্যখনত বৰ্তমান কিছুসংখ্য নক্সাল বিদ্রোহীহে সক্ৰিয় হৈ আছে।

April 21, 2025 3:40 PM

views 75

ঝাৰখণ্ডত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত

ঝাৰখণ্ডৰ বোকাৰোৰ লুগু পাহাৰৰ পাদদেশত আজি নিচেই পুৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত হয়। এই অভিযানত নিহত মাওবাদী নেতা বিবেকৰ শিৰৰ দাম ১ কোটি টকা ধাৰ্য কৰা হৈছিল। আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাই প্ৰকাশ কৰা অনুসৰি অভিযানকাৰী দলে ৮জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনাস্থলীৰ পৰা এটা এ কে ছিৰিজৰ ৰাইফল, এটা এছেলাৰ, তিনিটা ইনছাছ ৰাইফল, এটা পিষ্টল আৰু আঠটা দেশত নিৰ্মিত ভাৰ্মাৰ ৰাইফলৰ লগতে বুজন পৰিমাণৰ গুলীবাৰুদ উদ্ধাৰ কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি ব...

April 13, 2025 12:04 PM

views 89

ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাত নক্সালবাদীৰে সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ

ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাৰ জৰাইকেলা থানা এলেকাত কালি চলোৱা তালাচী অভিযানৰ সময়ত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ হয় আৰু কোৱা বেটেলিয়নৰ এজন জোৱানো গুৰুতৰভাৱে আহত হয়। আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি কৈছে যে, অভিযানৰ সময়ত আই ই ডি বিস্ফোৰণত আহত ঝাৰখণ্ড জেগুৱাৰৰ সুনীল ধান আৰু কোৱা বেটেলিয়নৰ বিষ্ণু ছেইনীক বিমানেৰে উন্নত চিকিৎসাৰ বাবে ৰাছীলৈ নিয়া হয় যদিও তাত সুনীল ধানৰ মৃত্যু হয়। কোৱা বেটেলিয়ন, চি আৰ অ' এফ, ঝাৰখণ্ড জেগুৱাৰ আৰু ছাইব...

November 20, 2024 6:57 PM

views 74

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্ৰহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদান হয়। অৱশ্যে ভোটগ্ৰহণৰ প্ৰকৃত হাৰ ভোটকেন্দ্ৰসমূহৰ পৰা অহা তথ্যৰ ভিত্তিত নিশাৰ ভাগলৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব আজি মহাৰাষ্ট্ৰৰ নাড়ে লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫ট...

November 14, 2024 9:25 AM

views 80

ঝাৰখণ্ডৰ গাণ্ডেত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

ঝাৰখণ্ডৰ গিৰিধে জিলাৰ গাণ্ডে বিধানসভা আসনৰ বাবে ভোটদান অনুষ্ঠিত হ'ব। ৰাজ্যখনত চলিত মাহৰ ২০ তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত গাণ্ডেতো এই ভোটদান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এই আসনখনৰ বাবে জে এম এমৰ প্ৰাৰ্থী হিচাপে কল্পনা মুৰ্মুৱেও প্রতিদ্বন্দ্বিতা আগবঢ়াব। শ্ৰীমতী মুর্মু হৈছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পত্নী। ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত চলিত মাহৰ ২০ তাৰিখে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান আৰম্ভ ...