ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত ছোৰেনৰ পুত্ৰ তথা জে এম এমৰ প্ৰাৰ্থী সোমেশ ছোৰেন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ পুত্ৰ তথা এন ডি এৰ প্ৰাৰ্থী বাবুলাল ছোৰেনৰ মাজতে মূল প্রতিদ্বন্দ্বিতা হ’ব।
Assamese | November 11, 2025 6:25 PM | Akashvani News | Bihar | Bihar Election | bye Election | Election | Jharkhand
ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত