June 4, 2026 3:43 PM

views 18

বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎ‍সালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত ৩জন লোকৰ মৃত্যু

বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎ‍সালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। মুজফ্‌ৰপুৰৰ জিলাধিপতি সুব্রত কুমাৰ সেনে এই কথা নিশ্চিত কৰিছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে। তেওঁলোকক উন্নত চিকিৎ‍সাৰ বাবে অন্য চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

December 2, 2025 9:13 PM

views 64

জ্যেষ্ঠ বিজেপি নেতা ড° প্রেম কুমাৰ অষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি নেতা ড° প্রেম কুমাৰক অষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। বিহাৰ বিধানসভাৰ অধিৱেশনৰ আজিৰ দ্বিতীয় দিনটোত প্ৰ'টেম অধ্যক্ষ নৰেন্দ্ৰ নাৰায়ণ য়াদৱে অধ্যক্ষৰ পদত তেওঁ সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন আৰম্ভ হোৱাৰ আগতে ড° কুমাৰে অধ্যক্ষ পদ বাবে মনোনয়নপত্র দাখিল কৰিছিল। এই পদৰ বাবে বিৰোধী পক্ষৰ কোনো প্রার্থীয়ে মনোনয়ন দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। উল্লেখযোগ্য যে, ড০ প্রেম কুমাৰ বিহাৰৰ গয়া নগৰ বিধ...

November 20, 2025 3:54 PM

views 68

দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

● জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধৰি, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বি...

November 17, 2025 5:21 PM

views 91

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্রীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ভিন ভিন বিষয়ক লৈ আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে জনতা দল ইউনাইটেডৰ নেতা নিৰ্বাচনৰ বাবে পাটনাত আজি দলটোৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে। শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা দলটোৰ ৮৫ গৰাকী বিধায়কৰ মাজৰ পৰা নীতিশ...

November 17, 2025 1:38 PM

views 64

ৰাজ্যপালক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ বিহাৰৰ মুখ্য নির্বাচনী বিষয়াৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে পাটনাৰ ৰাজভৱনত ৰাজ্যপাল আৰিফ মহম্মদ খানক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ কৰে। এই তালিকাখনত এন ডি এৰ ২০২ জন, মহামিত্ৰজোঁটৰ ৩৪ জনৰ লগতে এ আই এম আই এম, ইন্ডিয়ান ইনক্লুশিভ পার্টি আৰু বহুজন সমাজ পাৰ্টিৰ আইন প্রণেতাসকলকে ধৰি সকলোবোৰ প্রার্থীৰ নাম অন্তর্ভুক্ত হৈ আছে। ইপিনে ভাৰতৰ নিৰ্বাচন আয়োগে বিধানসভা নির্বাচন আৰু উপ-নিৰ্বাচনৰ সামৰণিৰ পৰিপ্ৰেক্ষিতত বিহাৰকে ধৰি আন ছখন ৰাজ্য আৰু এখন কেন্দ্...

November 17, 2025 1:10 PM

views 61

বিহাৰত চৰকাৰ গঠনৰ বাবে এন ডি এৰ তৎপৰতা

বিহাৰত চৰকাৰ গঠনৰ বাবে এন ডি এৰ ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ উঠিছে। এন ডি এ মিত্রজোটৰ সদস্যসকলৰ মাজত পাটনা আৰু নতুন দিল্লীত সঘনে বৈঠক অনুষ্ঠিত হৈছে। জে ডি ইউ বিধায়িনী দলে আজি দলীয় নেতা নির্বাচন সন্দর্ভত পাটনাত এখন বৈঠকত মিলিত হ'ব। এই বৈঠকত দলটোৰ ৮৫ জন নব-নির্বাচিত বিধায়কে নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে সর্বসম্মতিক্রমে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। এন ডি এ বিধায়িনী দলৰ বৈঠকো আজি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূর্বে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ অধ্যক্ষতাত ৰাজ্যখনৰ বৰ্তমানৰ মন্ত্রীসভাৰ এখন ব...

November 11, 2025 7:34 PM

views 104

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ বজালৈ সৰ্বাধিক ৭৬.২৬ শতাংশ ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাক...

November 11, 2025 6:25 PM

views 88

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত...

November 11, 2025 6:30 PM

views 77

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...

November 10, 2025 6:05 PM

views 92

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত কাইলৈ হ'বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ অন্তিম পৰ্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ'ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে ৭টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় ...