বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎসালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। মুজফ্ৰপুৰৰ জিলাধিপতি সুব্রত কুমাৰ সেনে এই কথা নিশ্চিত কৰিছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।
Assamese | June 4, 2026 3:43 PM | Akashvani | Akashvani News | Bihar
বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎসালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত ৩জন লোকৰ মৃত্যু