October 14, 2026 12:37 PM | Bihar

printer

বিহাৰৰ বৈশালী জিলাত গংগা নদীত যোৱা নিশা সংঘটিত নাও দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু

বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ ডিয়াৰাত গংগা নদীত যোৱা নিশা সংঘটিত এটা নাও দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হয়। বৈশালী জিলাৰ দণ্ডাধীশ বৰ্ষা সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই নাও দুৰ্ঘটনাৰ পৰা ৬ জন লোকক উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত সৰহভাগেই নাবালক আছিল বুলি জিলা দণ্ডাধীশগৰাকীয়ে প্ৰকাশ কৰিছে। নাওখনত প্ৰায় ১৫ৰ পৰা ২০ জন লোক আছিল জানিব পৰা গৈছে।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বার্তাযোগে এই নাও দুর্ঘটনাক অতি দুখজনক বুলি উল্লেখ কৰে। তেওঁ লগতে নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী সম্রাট চৌধুৰীয়েও দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সমবেদনা জনায়। তেওঁ লগতে নিহতসকলৰ নিকটাত্মীয়লৈ ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।