January 2, 2025 4:10 PM

views 61

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীৰ শপত গ্ৰহণ সম্পন্ন

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীয়ে আজি শপত গ্ৰহণ কৰিছে। বিহাৰত নৱনিযুক্ত ৰাজ্যপাল আফি মহম্মদ খানে আজি ৰাজ্যখনৰ ৪২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে পাটনা ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রীদ্বয় সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিন্হা আৰু বিৰোধী পক্ষৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পূৰ্বে কেৰালাৰ ...

November 14, 2024 9:09 AM

views 61

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ বিহাৰৰ জামুই ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ'ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব। ইয়াৰ উপৰিও তেওঁ অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে ৬,৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

November 11, 2024 12:15 PM

views 56

বিহাৰত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ

বিহাৰৰ ৰাজগিৰিত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ দিনীয়া এই প্ৰতিযোগিতা মুকলি কৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিহাৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধান ৰবীনন্দ্ৰন শংকৰণে কয় যে, বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰখনে বিহাৰক দেশৰ পূব অংশৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। এই প্ৰতিযোগিতাত ভাৰতৰ বাহিৰেও চীন, জাপান, মালয়েছিয়া, কোৰিয়া আৰু থাইলে...

October 17, 2024 7:55 PM

views 67

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পানৰ ফলত কমেও ২৪ জন লোকৰ প্রাণহানি

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পান কৰাৰ ফলত কালি কমেও ২৪ জন লোকে প্রাণ হেৰুৱায় আৰু ১৫ জন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ছিৱানত ২০ জন আৰু ছাৰন জিলাত ৪ জন লোকে প্ৰাণ হেৰুৱায়। মৃত লোককেইজন ভগলপুৰহাট আৰু মছৰখ আৰক্ষী থানা এলেকাৰ অধীনৰ বিভিন্ন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ কেইবাটাও দলে প্রভাৱিত এলেকাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

May 31, 2024 6:51 PM

views 71

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্রা ৪৮ ডিগ্ৰী ছেলছিয়াছ অতিক্রম কৰাৰ লগতে জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইপিনে, ভোজপুৰ জিলাত ছগৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জিলাত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হয়। আনহাতে, ৰাজ্যখনৰ বুক্সাৰ, আৰৱাল আৰু নালন্দা জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হয়। জিলাকেইখনত নিৰ্বাচনী কর্তব্য সম্পন্ন কৰি থকাৰ সময়ত গ্ৰীষ্ম প্ৰৱাহৰ বাবে দুগৰাকী গৃহৰক্ষী জ...

April 26, 2024 12:02 PM

views 59

বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত প্রধানমন্ত্রীৰ আজি দুখন নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত এন ডি এ প্রার্থীৰ হকে দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইয়াৰে প্ৰথমখন সভা আৰাৰিয়াৰ ফৰ্বেছগঞ্জ বিমানবন্দৰ গ্ৰাউণ্ডত আয়োজন কৰা হৈছে। পাছত তেওঁ মুংগেৰ সমষ্টিৰ ছফিয়াচৰাই বিমানবন্দৰ গ্রাউণ্ডৰ দ্বিতীয়খন সভাত ভাগ ল'ব। প্রধানমন্ত্রীৰ কাৰ্যসূচীলৈ চাই বাজ্যখনত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।