October 8, 2025 7:00 PM

views 92

বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে পিচপৰা আৰু উৎপীড়িত শ্ৰেণীৰ হকে আজীৱন কাম কৰা প্ৰয়াত নেতাগৰাকী নিজৰ জীৱনকালত সামাজিক ন্যায় প্ৰদানৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যুগ যুগান্তৰলৈ স্মৰণীয় হৈ ৰ'ব।

October 7, 2025 12:03 PM

views 97

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন ...

October 7, 2025 12:08 PM

views 63

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন...

September 4, 2025 3:39 PM

views 35

বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ বিহাৰত ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত

● বিহাৰত শাসনাধিষ্ঠিত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এই আজি ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে দাৰভাঙ্গাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত এন ডি এ সমর্থিত দলসমূহে এই বন্ধৰ আহ্বান জনায়। আজি পুৱাৰে পৰা বিজেপি আৰু জনতা দল ইউনাইটেডকে ধৰি অন্যান্য দলৰ নেতাসকলে বিভিন্ন স্থানত বন্ধৰ সমৰ্থনত ধর্ণা দিয়ে। পাটনা, বেগুচৰাই, মুংগাৰ, ভগলপুৰ, ছেওহৰ আৰু ভোজপুৰকে ধৰি প্রায় সকলো জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত ...

August 17, 2025 8:13 PM

views 86

বিহাৰৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’বঃ ৰাহুল গান্ধী

■ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকীয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ চাচাৰামৰ চুৱাৰা হাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয়, যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব। তেওঁ লগতে নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্...

August 16, 2025 8:26 PM

views 72

ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব

লোকসভাৰ বিৰোধী দলপতি তথা জেষ্ঠ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব। পৰৱৰ্তী ১৬ দিনলৈ চলিব লগা এই যাত্ৰাই বিহাৰৰ ১৬খন জিলাক সামৰি ল'ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ প্রসাদ সিঙে আজি পাতনাত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ১৩০০ কিঃমি যোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্রসাদ যাদৱৰ লগতে INDIA মিত্রযোটৰ অন্য দলসমূহেও অংশগ্রহন কৰিব। এই ভোটাৰ অধিকাৰ যাত্ৰাত ইলেক্টৰেল ৰোলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ'ব বুলিও নে...

August 14, 2025 8:32 PM

views 61

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ

নিৰ্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছে দ্বৈত স্থিতি গ্ৰহণ কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা গজেন্দ্ৰ সিং শেখাৱতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাংবিধানিক সংস্থাসমূহৰ সত্যনিষ্ঠতা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰা আৰু এই বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে। শ্ৰী শেখাৱতে লগতে কংগ্ৰেছে ক্ষমতালৈ অহাৰ বাবে বিভিন্ন সময়ত অনৈতিক পদ্ধতি অৱলম্বন কৰা বুলি অভ...

July 18, 2025 3:24 PM

views 75

বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত ৭ হাজাৰ ২০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰে’ল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্রধানমন্ত্রীয়ে লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজেন্দ্ৰ নগৰ, দভাংগা, ভগলপুৰ আৰু মতিহাৰী ৰে'ল ষ্টেচনৰ পৰা চাৰিখনকৈ নতুন অমৃত ভাৰত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে'লকেইখনে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক দেশৰ আন অংশৰ সৈতে সং...

July 15, 2025 12:02 PM

views 80

বিহাৰৰ দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫’ৰ খিতাপ অৰ্জন

বিহাৰে দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫'ৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি ডেৰাডুনৰ মহাৰাণা প্রতাপ স্প'ৰ্টছ কলেজত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত যোৱাবাৰৰ বিজয়ী ওড়িশাক ১৭-১৫ গ'লত পৰাস্ত কৰি ল'ৰাৰ ১৮ বছৰ অনুৰ্ধৰ খিতাপ দখল কৰে৷ ইয়াৰ পূৰ্বে চণ্ডীগড়, হাৰিয়ানা, পঞ্জাৱ, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰ আদি শক্তিশালী দলৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন কৰা বিহাৰৰ দলটো সমগ্ৰ প্ৰতিযোগিতাত অপৰাজিত হৈ ৰয়। চলিত সপ্তাহতে বিহাৰে প্ৰতিযোগিতাখনৰ ছোৱালীৰ খিতাপো লাভ কৰিছিল। ২০২২ চনতো ৰাজ্যখন উভয় শাখাৰ চেম্প...

April 22, 2025 3:23 PM

views 54

গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে। যোৱা দুদিনত ৰাজ্যখনত দিনৰ ভাগত তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী বৃদ্ধি হয়। ৰাজ্যখনৰ কেইবাটাও অংশত সর্বাধিক তাপমাত্রা ৪২ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। পাটনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, চিৱান আৰু চৰণ জিলাত উষ্ণতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই দিনকেইটাত তাপমাত্রা ৪০ৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ...