লোকসভাৰ বিৰোধী দলপতি তথা জেষ্ঠ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব। পৰৱৰ্তী ১৬ দিনলৈ চলিব লগা এই যাত্ৰাই বিহাৰৰ ১৬খন জিলাক সামৰি ল’ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ প্রসাদ সিঙে আজি পাতনাত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ১৩০০ কিঃমি যোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্রসাদ যাদৱৰ লগতে INDIA মিত্রযোটৰ অন্য দলসমূহেও অংশগ্রহন কৰিব। এই ভোটাৰ অধিকাৰ যাত্ৰাত ইলেক্টৰেল ৰোলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ’ব বুলিও নেতাজনে সংবাদমেলত প্ৰকাশ কৰে।
Assamese | August 16, 2025 8:26 PM | Akashvani News | Bihar | Congress | Rahul Gandhi
ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব