ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে। যোৱা দুদিনত ৰাজ্যখনত দিনৰ ভাগত তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী বৃদ্ধি হয়। ৰাজ্যখনৰ কেইবাটাও অংশত সর্বাধিক তাপমাত্রা ৪২ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। পাটনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, চিৱান আৰু চৰণ জিলাত উষ্ণতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই দিনকেইটাত তাপমাত্রা ৪০ৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে জনসাধাৰণে অসুবিধাৰ সন্মুখীন হ’ব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে।
Assamese | April 22, 2025 3:23 PM | Bihar | Heatwave | IMD Alert
গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি