June 12, 2025 10:59 AM

views 69

ৰাজ্যত গৰমৰ প্রকোপ অব্যাহত

● ৰাজ্যত একেৰাহে আজি তৃতীয় দিনাও গৰমৰ প্রকোপ অব্যাহত আছে। কালি যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, মাজবাটত পাৰাস্তম্ভই ৩৭ ডিগ্রী ছেলছিয়াছ অতিক্ৰম কৰিছিল। লখিমপুৰত কালি সর্বোচ্চ উষ্ণতা আছিল ৩৮ ডিগ্রী ছেলছিয়াছ। আর্দ্রতা বৃদ্ধিৰ বাবেই ৩৬ ডিগ্রী ছেলছিয়াছ উষ্ণতাতো ৪৩ ডিগ্রী ছেলছিয়াছ উষ্ণতাৰ দৰে অনুভৱ হৈছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° গায়ত্রী কলিতাই প্ৰকাশ কৰিছে। ড° কলিতাই প্রকাশ কৰা মতে আজিৰেপৰা অসম আৰু অৰুণাচলৰ দুই-এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱন...

June 10, 2025 7:43 PM

views 78

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত আছে। অঞ্চলটোত বিগত চাৰি বছৰত এইবাৰ তাপমান আটাইতকৈ বেছি হোৱা পৰিলক্ষিত হৈছে। পাঁচ খন জিলাত কালি তাপমানে অভিনেখ গঢ়ি ৪০ ডিগ্ৰী চেলচিয়াছৰ মাত্ৰ অতিক্ৰম কৰে। ছাম্বাত সর্বাধিক ৪৬.৬ ডিগ্রী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। জম্মু মহানগৰত কালিৰ দিনটোত তাপমান আছিল ৪৪.৩ ডিগ্রী চেলচিয়াছ। দেওবাৰে মহানগৰখনৰ তাপমাত্ৰাই ৪২.৭ ডিগ্রী চেলচিয়াছ অতিক্ৰম কৰিছিল। মা বৈষ্ণোদেৱী মন্দিৰৰ বেছ কেম্প হিচাপে পৰিচিত কাটৰাত ৪০.২ ডিগ্ৰী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। আনহাতে ৰামবান আৰু...

April 22, 2025 3:23 PM

views 53

গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে। যোৱা দুদিনত ৰাজ্যখনত দিনৰ ভাগত তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী বৃদ্ধি হয়। ৰাজ্যখনৰ কেইবাটাও অংশত সর্বাধিক তাপমাত্রা ৪২ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। পাটনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, চিৱান আৰু চৰণ জিলাত উষ্ণতা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই দিনকেইটাত তাপমাত্রা ৪০ৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ...