প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে পিচপৰা আৰু উৎপীড়িত শ্ৰেণীৰ হকে আজীৱন কাম কৰা প্ৰয়াত নেতাগৰাকী নিজৰ জীৱনকালত সামাজিক ন্যায় প্ৰদানৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত তেওঁৰ অৱদান যুগ যুগান্তৰলৈ স্মৰণীয় হৈ ৰ’ব।
Assamese | October 8, 2025 7:00 PM | Akashvani | Bihar | narendra modi | PMO Modi
বিহাৰৰ প্ৰয়াত জনপ্রিয় নেতা তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ মৃত্যু বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন