বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত এন ডি এ প্রার্থীৰ হকে দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইয়াৰে প্ৰথমখন সভা আৰাৰিয়াৰ ফৰ্বেছগঞ্জ বিমানবন্দৰ গ্ৰাউণ্ডত আয়োজন কৰা হৈছে। পাছত তেওঁ মুংগেৰ সমষ্টিৰ ছফিয়াচৰাই বিমানবন্দৰ গ্রাউণ্ডৰ দ্বিতীয়খন সভাত ভাগ ল‘ব। প্রধানমন্ত্রীৰ কাৰ্যসূচীলৈ চাই বাজ্যখনত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।
Assamese | April 26, 2024 12:02 PM | Bihar | PM Modi
বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত প্রধানমন্ত্রীৰ আজি দুখন নির্বাচনী সভা