আয়ৰ সৈতে সামঞ্জস্যবিহীন সম্পত্তি আৰু দুৰ্নীতিৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ কেইবাটাও স্থানত তালাচী অভিযান চলায়। বিহাৰৰ শক্তি বিভাগৰ প্ৰাক্তন সচিব হংস আৰু তেওঁৰ কেইবাগৰাকী সহযোগীৰ বিৰুদ্ধে ক’লাধন বৈধকৰণ আৰু নিবিদাৰ ক্ষেত্ৰত দুর্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছিল। সঞ্চালকালয়ে লগতে পাটনাৰ আনিছাবাদত গৃহ নির্মাণ বিভাগৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাৰ মালিকানাধীন স্থানৰ পৰা বহু পৰিমাণৰ নগদ ধন আৰু আপত্তিজনক তথ্যপাতি জব্দ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে উৎকোচ লোৱাৰ গোচৰতো ৰাজ্যখনৰ ভালেসংখ্যক চৰকাৰী বিষয়া আৰু অভিযন্তাৰ বিৰুদ্ধে অভিযান চলাই আছে।
Assamese | March 27, 2025 4:00 PM | Bihar
বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ ভিন্ন স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান