November 17, 2025 1:10 PM | Bihar

printer

বিহাৰত চৰকাৰ গঠনৰ বাবে এন ডি এৰ তৎপৰতা

বিহাৰত চৰকাৰ গঠনৰ বাবে এন ডি এৰ ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ উঠিছে। এন ডি এ মিত্রজোটৰ সদস্যসকলৰ মাজত পাটনা আৰু নতুন দিল্লীত সঘনে বৈঠক অনুষ্ঠিত হৈছে। জে ডি ইউ বিধায়িনী দলে আজি দলীয় নেতা নির্বাচন সন্দর্ভত পাটনাত এখন বৈঠকত মিলিত হ‘ব। এই বৈঠকত দলটোৰ ৮৫ জন নব-নির্বাচিত বিধায়কে নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে সর্বসম্মতিক্রমে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। এন ডি এ বিধায়িনী দলৰ বৈঠকো আজি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূর্বে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ অধ্যক্ষতাত ৰাজ্যখনৰ বৰ্তমানৰ মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হ‘ব। ইপিনে, নতুন চৰকাৰখনৰ শপত গ্ৰহণৰ বাবেও প্রস্তুতি চলি আছে। পাটনাৰ গান্ধী ময়দানত হ‘বলগীয়া অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খানে নতুন মুখ্যমন্ত্রী তথা কেবিনেটৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। অহা ২০ নৱেম্বৰত শপত গ্রহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।