ঝাৰখণ্ডৰ বোকাৰোৰ লুগু পাহাৰৰ পাদদেশত আজি নিচেই পুৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত হয়। এই অভিযানত নিহত মাওবাদী নেতা বিবেকৰ শিৰৰ দাম ১ কোটি টকা ধাৰ্য কৰা হৈছিল। আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাই প্ৰকাশ কৰা অনুসৰি অভিযানকাৰী দলে ৮জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনাস্থলীৰ পৰা এটা এ কে ছিৰিজৰ ৰাইফল, এটা এছেলাৰ, তিনিটা ইনছাছ ৰাইফল, এটা পিষ্টল আৰু আঠটা দেশত নিৰ্মিত ভাৰ্মাৰ ৰাইফলৰ লগতে বুজন পৰিমাণৰ গুলীবাৰুদ উদ্ধাৰ কৰা হয়। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি বহুকেইগৰাকী মাওবাদী নেতাই আত্মসমৰ্পন কৰে। চি আৰ পি এফৰ সূত্ৰই জনোৱা অনুসৰি গুলীয়াগুলি বন্ধ হৈছে যদিও অঞ্চলটোত অভিযান অব্যাহত আছে।
Assamese | April 21, 2025 3:40 PM | Akashvani News | Jharkhand | Maobadi
ঝাৰখণ্ডত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত