ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDA সমদল উলিয়ায়। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ গৃহমন্ত্রী অমিত শ্বাহ সাজু বুলি চৰকাৰে আশ্বাস দিয়াৰ পাছতো বিৰোধীয়ে আলোচনাৰ পৰা আঁতৰি আছে বুলি অভিযোগ উত্থাপন কৰি সাংসদসকলে প্লেকার্ড লৈ এই সমদলত অংশগ্ৰহণ কৰে।
আজি মংগল মিলন কাৰ্যসূচীৰ অন্তত NDA-ৰ সাংসদসকলে এই পদযাত্রা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেলে বিৰোধীয়ে ইচ্ছাকৃতভাৱে সংসদৰ কাম- কাজত ব্যাঘাত জন্মোৱা বুলি অভিযোগ উত্থাপন কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী পেটেলে কয়, যে বিৰোধীয়ে প্ৰথমে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰিছিল আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছিল। বিৰোধীৰ এই দাবী চৰকাৰে মানি লোৱাৰ পাছতো বিৰোধী দলসমূহ আলোচনাৰ বাবে সাজু হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে।
কেন্দ্রীয় মন্ত্রী সঞ্জয় শেঠে কয়, যে হেমন্ত চ’ৰেন নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰে প্ৰতিবাদকাৰী ছাত্ৰ- ছাত্ৰীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ দমন নীতিৰ আশ্ৰয় লৈছে। বিজেপিৰ সাধাৰণ সম্পাদক তথা ৰাজ্য সভাৰ সাংসদ তৰুণ চুগে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।
তেওঁ ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকা দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰে। ইফালে, বিজেপি সাংসদ বাঁচুৰি স্বৰাজে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক সংসদীয় কার্যবিধিত ব্যাঘাত সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে ।