August 11, 2026 2:53 PM

views 23

ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDAৰ সমদল

ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDA সমদল উলিয়ায়। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ গৃহমন্ত্রী অমিত শ্বাহ সাজু বুলি চৰকাৰে আশ্বাস দিয়াৰ পাছতো বিৰোধীয়ে আলোচনাৰ পৰা আঁতৰি আছে বুলি অভিযোগ উত্থাপন কৰি সাংসদসকলে প্লেকার্ড লৈ এই সমদলত অংশগ্ৰহণ কৰে। আজি মংগল মিলন কাৰ্যসূচীৰ অন্তত NDA-ৰ সাংসদসকলে এই পদযাত্রা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেলে বিৰোধীয়ে ইচ্ছাকৃতভাৱে সংসদৰ কাম- কাজত ব্যাঘাত জন্মোৱা বুলি অভিযোগ উত্থাপন কৰে। সংবাদ ...

November 18, 2025 8:37 PM

views 67

এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনিৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক

 বিহাৰত এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এন ডি এৰ ৫ টা অংশীদাৰ দল ক্রমে বিজেপি, জনতা দল ইউনাইটেড, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস ফৈদ, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাৰ বিধায়কসকলে এই বৈঠকত ভাগ লব। মুখ্যমন্ত্রী নিতিশ কুমাৰ পুনৰ এন ডি এৰ বিধায়িনী দলৰ নেতা ৰূপে নির্বাচিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত এন ডি এৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। ইয়াৰ পূৰ্বে বিজেপি আৰু জে ডি ইউ দলে তেওঁল...

October 12, 2025 8:46 PM

views 134

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাবড়েই আজি সামাজিক মাধ্যমযোগে কয়, যে বিজেপি আৰু জে ডি ইউ-এ এশ এখনকৈ আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। লোক জনশক্তি পাৰ্টীৰ ৰাম বিলাস গোটে ২৯ খন আৰু ৰাষ্ট্ৰীয় লোকমর্চা তথা হিন্দাস্তানী আৱাম মর্চাই ছখনকৈ আসনত প্রতিদ্বন্দ্বিতা কৰিব। নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত মিত্রজোটৰ শীর্ষ নেতাসকলৰ আনুষ্ঠানিক আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰা হয়।

October 10, 2025 3:29 PM

views 149

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত বুজাবুজিৰ সম্ভাৱনা

● বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত আজি বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকৰ পাছতে অহা দুই-তিনি দিনৰ ভিতৰত আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিজেপিয়ে আসন বুজাবুজি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি নেতৃত্বাধীন হিন্দুস্তানী আম মৰ্চা, উপেন্দ্ৰ কুশ্বৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয...

September 4, 2025 3:39 PM

views 33

বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ বিহাৰত ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত

● বিহাৰত শাসনাধিষ্ঠিত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এই আজি ৰাজ্যজুৰি ঘোষণা কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে দাৰভাঙ্গাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত এন ডি এ সমর্থিত দলসমূহে এই বন্ধৰ আহ্বান জনায়। আজি পুৱাৰে পৰা বিজেপি আৰু জনতা দল ইউনাইটেডকে ধৰি অন্যান্য দলৰ নেতাসকলে বিভিন্ন স্থানত বন্ধৰ সমৰ্থনত ধর্ণা দিয়ে। পাটনা, বেগুচৰাই, মুংগাৰ, ভগলপুৰ, ছেওহৰ আৰু ভোজপুৰকে ধৰি প্রায় সকলো জিলাতে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত ...

August 5, 2025 3:21 PM

views 79

সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত

■ নতুন দিল্লীৰ সংসদ ভৱন চৌহদত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু এন ডি এৰ সাংসদসকল উপস্থিত থাকে। বৈঠকত প্রধানমন্ত্রী মোদীক সাংসদসকলে অপাৰেচন সিন্দূৰ আৰু অপাৰেচন মহাদেৱৰ সাফল্যৰ বাবে সম্বৰ্ধনা জনায়। এই অভিযানসমূহৰ সাফল্যৰ সন্দৰ্ভত এন ডি এৰ সাংসদসকলে সৰ্বসন্মতভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰি সশস্ত্ৰ বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰে। লগতে পেহে...

April 4, 2024 9:09 PM

views 79

এন ডি এ চৰকাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। বিহাৰৰ জমুইত আজি এখন নির্বাচনী সভাত ভাষণত দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, আসন্ন লোকসভা নির্বাচন ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, ভাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হৈছে। ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ অৰ্থ...