এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাবড়েই আজি সামাজিক মাধ্যমযোগে কয়, যে বিজেপি আৰু জে ডি ইউ-এ এশ এখনকৈ আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। লোক জনশক্তি পাৰ্টীৰ ৰাম বিলাস গোটে ২৯ খন আৰু ৰাষ্ট্ৰীয় লোকমর্চা তথা হিন্দাস্তানী আৱাম মর্চাই ছখনকৈ আসনত প্রতিদ্বন্দ্বিতা কৰিব। নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত মিত্রজোটৰ শীর্ষ নেতাসকলৰ আনুষ্ঠানিক আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰা হয়।
Assamese | October 12, 2025 8:46 PM | Bihar Elections 2025 | NDA
এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে