November 17, 2025 5:21 PM

views 87

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্রীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ভিন ভিন বিষয়ক লৈ আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে জনতা দল ইউনাইটেডৰ নেতা নিৰ্বাচনৰ বাবে পাটনাত আজি দলটোৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে। শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা দলটোৰ ৮৫ গৰাকী বিধায়কৰ মাজৰ পৰা নীতিশ...

October 24, 2025 6:35 PM

views 60

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাবেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ প্ৰচাৰ আৰম্ভ কৰিছে। দুধপুৰা হেলিপেড খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জননায়ক কপুৰী ঠাকুৰ দেশৰ এগৰাকী অমূল্য ৰত্ন আছিল, যিয়ে স্বাধীন ভাৰতত সামাজিক ন্যায় প্রতিষ্ঠা কৰিছ...

October 22, 2025 3:00 PM

views 65

বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰা

● কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰাৰ জৰিয়তে মহা যুঁট বন্ধন সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মহা মিত্রযোঁটে যদি ৫টা দলক একেলগ কৰি ৰাখিব নোৱাৰে তেনেহ'লে তেওঁলোকে বিহাৰক একত্ৰিত কৰি ৰখাত বিফল হ'ব আৰু এইকথা বিহাৰৰ জনসাধাৰণে বুজি পাইছে। শ্ৰী পাছোৱানে অহা ১৪ নবেম্বৰত ৰাজ্যখনত এন ডি এই চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এখন জনসভাত ভাষণ দি কয় যে এন ডি এই সময়মতে ঘোষণা কৰা আসন ভাগ-বটোৱাৰাই ইতিবাচক বার্ত...

October 13, 2025 2:35 PM

views 200

৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে ৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবিলি হিল্‌ছ, পাঞ্জাবৰ তৰ্ণ তাৰান, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাড়া। জম্মু-কাশ্মীৰ আৰু ওড়িশাৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২০ অক্টোবৰ ধাৰ্য কৰা হৈছে। একেদৰে ঝাৰখণ্ড, মিজোৰাম, পঞ্জাব, তেলেংগানা আৰু ৰাজস্থানৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ অক্টোবৰ ধাৰ্য কৰা হৈছে। এই ...

October 13, 2025 2:32 PM

views 127

বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে বিহাৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ টা বিধানসভা সমষ্টিত মনোনয়ন প্রক্রিয়া আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত অহা ২০ অক্টোবৰ, মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ২৩ অক্টোবৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই পৰ্যায়ৰ বাবে ১১ নৱেম্বৰ ভোটগ্ৰহণ কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে ...

October 12, 2025 8:46 PM

views 109

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে

এন ডি এ মিত্রজোটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বাটোৱাৰাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাবড়েই আজি সামাজিক মাধ্যমযোগে কয়, যে বিজেপি আৰু জে ডি ইউ-এ এশ এখনকৈ আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। লোক জনশক্তি পাৰ্টীৰ ৰাম বিলাস গোটে ২৯ খন আৰু ৰাষ্ট্ৰীয় লোকমর্চা তথা হিন্দাস্তানী আৱাম মর্চাই ছখনকৈ আসনত প্রতিদ্বন্দ্বিতা কৰিব। নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত মিত্রজোটৰ শীর্ষ নেতাসকলৰ আনুষ্ঠানিক আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰা হয়।