● কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰাৰ জৰিয়তে মহা যুঁট বন্ধন সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মহা মিত্রযোঁটে যদি ৫টা দলক একেলগ কৰি ৰাখিব নোৱাৰে তেনেহ’লে তেওঁলোকে বিহাৰক একত্ৰিত কৰি ৰখাত বিফল হ’ব আৰু এইকথা বিহাৰৰ জনসাধাৰণে বুজি পাইছে। শ্ৰী পাছোৱানে অহা ১৪ নবেম্বৰত ৰাজ্যখনত এন ডি এই চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এখন জনসভাত ভাষণ দি কয় যে এন ডি এই সময়মতে ঘোষণা কৰা আসন ভাগ-বটোৱাৰাই ইতিবাচক বার্তা বহন কৰিছে।
Assamese | October 22, 2025 3:00 PM | Akashvani | Akashvani News | Bihar Elections 2025 | Bihar Politics
বিহাৰত ৰাজনৈতিক দলসমূহৰ মাজত আসন ভাগ-বটোৱাৰা