ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য আজি ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। জোৱানগৰাকীৰ শেষকৃত্যত অঞ্চলটোৰ কেইবাগৰাকীও লোকে অংশ লৈ ছহিদগৰাকীলৈ শ্ৰদ্ধা জনায়। জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি জোৱানগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক ৫০ লাখ টকাৰ সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পদত পৰিয়ালটোৰ এগৰাকী সদস্যক নিযুক্তি দিয়া হ’ব বুলি তেওঁ কয়।
Assamese | July 17, 2025 7:47 PM | Akashvani News | Jharkhand
নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন