July 11, 2024 7:56 PM

views 49

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনাৰ উদ্দেশ্যে নির্বাচনী বিষয়াৰ বৈঠক

জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্ত নীতেশ ব্যাস আৰু ধর্মেন্দ্ৰ শৰ্মা নেতৃত্বাধীন নির্বাচন আয়োগৰ এটা ৬ জনীয়া দলে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনা চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ সকলো জিলা নির্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পূৰ্বে আয়োগৰ দলটোৱে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু অন্য বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্তদ্বয়ে বিষয়াসকলক ভোটাৰ তালিকাৰ সংশোধনৰ সময়ত সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনত ২৫ জুনৰ পৰা ভোটাৰ তালিকাৰ সংশো...

July 4, 2024 8:30 PM

views 66

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনৰ শপতগ্রহণ

ঝাৰখণ্ড মুক্তিমৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। কলা ধন বৈধকৰণ কৰাৰ অভিযোগৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰাৰ পাছত তেওঁ তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ৩১ জানুৱাৰীত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পাছত চম্পাই ছোৰেনে ৰাজ্যখনৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছি...

July 2, 2024 6:59 PM

views 49

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক কৰা হয়। ইয়াৰে ৪ জন লাটেহাৰ জিলাৰ ঘন জংঘলত, আন এজন ৰাঁচী আৰু খুন্তি জিলাৰ পৰা আটক কৰা হৈছে। ধৃত মাওবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্র, গোলা-বাৰুদ আপত্তিজনক সাহিত্য আদি জব্দ কৰা হৈছে। অন্যহাতে, এজন মাওবাদীয়ে ৰাঁচী আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে।