জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্ত নীতেশ ব্যাস আৰু ধর্মেন্দ্ৰ শৰ্মা নেতৃত্বাধীন নির্বাচন আয়োগৰ এটা ৬ জনীয়া দলে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনা চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ সকলো জিলা নির্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে। ইয়াৰ পূৰ্বে আয়োগৰ দলটোৱে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু অন্য বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্তদ্বয়ে বিষয়াসকলক ভোটাৰ তালিকাৰ সংশোধনৰ সময়ত সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্যখনত ২৫ জুনৰ পৰা ভোটাৰ তালিকাৰ সংশোধনৰ প্ৰক্ৰিয়া চলি আছে। ২৪ জুলাইত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব আৰু ২০ আগষ্টত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। ঝাৰখণ্ডত এইবছৰৰ শেষৰফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে।
Assamese | July 11, 2024 7:56 PM | Election | Jharkhand
ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পর্যালোচনাৰ উদ্দেশ্যে নির্বাচনী বিষয়াৰ বৈঠক