ঝাৰখণ্ড মুক্তিমৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। কলা ধন বৈধকৰণ কৰাৰ অভিযোগৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰাৰ পাছত তেওঁ তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ৩১ জানুৱাৰীত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পাছত চম্পাই ছোৰেনে ৰাজ্যখনৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। চম্পাই ছোৰেনে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত কালি ৰাজ্যপালক সাক্ষাৎ কৰি হেমন্ত চোৰেনে পুনৰ চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন কৰে।
Assamese | July 4, 2024 8:30 PM | Hemant Soren | Jharkhand | jharkhand-cm-soren
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনৰ শপতগ্রহণ