ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA-ই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা বুলি প্ৰকাশ কৰিছে। পাঞ্জাৱৰ ম’হালিৰ NIA ৰ এখন বিশেষ আদালতত কালি এই অভিযোগনামা দাখিল কৰা হয়। তদন্তকাৰী সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত যশপ্রীত সিং ওৰফে যশ আৰু বলজিৎ সিং ওৰফে ৰানা ভাই বিদেশস্থিত খালিস্তানী সন্ত্রাসবাদী লখবীৰ সিং ওৰফে লন্দাৰ দলৰ সক্ৰিয় সদস্য।
Assamese | December 18, 2024 2:03 PM | NIA | Terrorist
সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগনামা দাখিল