December 10, 2025 11:59 AM

views 56

দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA-এ যোৱা মাহত সংঘটিত দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এন আই এয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ ডাঃ বিলাল নাছিৰ মাল্লা এই গোচৰত গ্ৰেপ্তাৰ হোৱা অষ্টম অভিযুক্ত। দিল্লীৰ পৰা এন আই এৰ এটা দলে তেওঁক কৰায়ত্ত কৰে। সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে লালকিল্লা অঞ্চলত ১১ জন লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰত তেওঁ জড়িত বুলি ধৰা পেলায়। এন আই এৰ তদন্ত অনুসৰি বিলালে জানি-বুজি আত্মঘাতী অভি...

November 11, 2025 6:18 PM

views 74

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পার্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্রতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থ...

July 5, 2025 5:13 PM

views 65

আমেৰিকা আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহত জড়িতৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা ২জন লোকক গ্ৰেপ্তাৰ এন আই এৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহৰ ঘটনাত জড়িত থকাৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সংস্থাটোৱে এটা বিবৃতিযোগে ধৃত ব্যক্তি দুজনৰ এজনে অবৈধ আৰু বিপদসংকুল পথেৰে ভুক্তভোগীসকলৰ যাত্ৰাৰ সুবিধা কৰি দিয়াত মূল ভূমিকা পালন কৰিছিল আৰু আনজনে এই যাত্ৰাত সহায় আগবঢ়োৱা লেটিন আমেৰিকাৰ লোকসকললৈ পুঁজি হস্তান্তৰৰ সৈতে জড়িত আছিল।

June 15, 2025 12:40 PM

views 75

আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে এন আই এৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত গোচৰত আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। এন আই এৰ গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত পৰহি ৰাষ্ট্ৰীয় সংস্থাটোৱে তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। সংগঠনটোৰ মুৰববী পৰেশ বৰুৱা, অভিজিৎ গগৈ আৰু জাহ্নু বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বে-আইনী কার্যকলাপ প্রতিবোধ আইন আৰু বিস্ফোৰক সামগ্ৰী আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভ...

June 8, 2025 8:42 PM

views 64

মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দুজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আন কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হৈছিল। এন আই এ গ্ৰেপ্তাৰ কৰা মণিপুৰী বিদ্ৰোহী কেইজন হৈছে থাংমিনেল মেটে, কামগিংথাং গাংটে, হেন্তিনথাং কিপগেন। উল্লেখযোগ্য যে এন আই এই নি...

June 1, 2025 11:39 AM

views 71

পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ গোচৰত দেশৰ ৮ ৰাজ্যৰ ১৫ স্থানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তালাচী

● ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ এটা গোচৰত কালি দেশৰ ৮ খন ৰাজ্যৰ ১৫টা স্থানত তালাচী চলায়। সংস্থাটোৱে এটা বিবৃতি যোগে অসম, পশ্চিমবংগ, দিল্লী, মুম্বাই, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বাজস্থান আৰু চত্তিশগড়ত তালাচী চলোৱা বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত ভালেসংখ্যক বৈদ্যুতিন সঁজুলি, স্পর্ষকাতৰ বিত্তীয় নথি আৰু আন আপত্তিজনক সামগ্রি জব্দ কৰিছে। ৰাষ্টীয় তদন্ত সংস্থাৰ তদন্ত অনুসৰি এই সন্দেহজনক লোক কেইজনৰ পাকিস্তানী অভিসন্ধিকাৰীৰ সৈতে যোগাযোগ আছিল আৰু ধনৰ বিনিময়ত ভাৰতত চোৰাংচো...

May 26, 2025 9:19 PM

views 60

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগত চি আৰ পি এফ জোৱানক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা-এন আই এয়ে আজি এজন চি আৰ পি এফ জোৱানক গ্ৰেপ্তাৰ কৰিছে। এন আই এ জনোৱা মতে, অভিযুক্ত চি আৰ পি এফ জোৱানজনে ২০২৩ চনৰ পৰাই পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য আদান প্ৰদান কৰিছিল আৰু ইয়াৰ বিনিময়ত পাকিস্তানৰ পৰা বিভিন্ন মাধ্যমেৰে জোৱানজনে মোটা অংকৰ ধন লাভ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে জোৱানজনক জেৰা অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক পাতিয়ালা...

May 23, 2025 4:04 PM

views 64

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ এন আই এ আদালত গঠন

কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এয়ে ৰাজ্যখনত ২০২৩ চনৰ ৩ মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে জ...

May 23, 2025 12:15 PM

views 61

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এয়ে ৰাজ্যখনত ২০২৩ চনৰ ৩ মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে...

May 5, 2025 8:55 PM

views 64

কানাডাস্থিত খালিস্তানী সন্ত্ৰাসবাদী অৰ্শ দল্লাৰ সৈতে জড়িত নিমৰাণা হোটেলত সংঘটিত গুলিচালনাৰ ঘটনা সন্দৰ্ভত ১০ টা স্থানত কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ অভিযান

কানাডাস্থিত খালিস্তানী সন্ত্ৰাসবাদী অৰ্শ দল্লাৰ সৈতে জড়িত ২০২৪ চনত নিমৰাণা হোটেলত সংঘটিত গুলিচালনাৰ ঘটনা সন্দৰ্ভত কেন্দ্রীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই ৰাজস্থান, হাৰিয়ানা আৰু দিল্লীৰ ১০ টা স্থানত অভিযান চলায়। জনসাধাৰণৰ পৰা ধন দাবীৰ লক্ষ্যৰে সন্ত্ৰাসবাদীয়ে হোটেলত আক্রমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এন আই এৰ তদন্তত প্ৰকাশ পোৱা মতে খালিস্তানী সংগঠনৰ বাবে ধন সংগ্ৰহৰ উদ্দেশ্যে সন্ত্ৰাসবাদীয়ে এই আক্রমণ সংঘটিত কৰিছিল। অভিযানৰ সময়ত সংস্থাটোৱে আপত্তিজনক ইলেকট্রনিক সামগ্রী জব্দ কৰিছে। সন্ত্রাসব...