● ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ এটা গোচৰত কালি দেশৰ ৮ খন ৰাজ্যৰ ১৫টা স্থানত তালাচী চলায়। সংস্থাটোৱে এটা বিবৃতি যোগে অসম, পশ্চিমবংগ, দিল্লী, মুম্বাই, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বাজস্থান আৰু চত্তিশগড়ত তালাচী চলোৱা বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত ভালেসংখ্যক বৈদ্যুতিন সঁজুলি, স্পর্ষকাতৰ বিত্তীয় নথি আৰু আন আপত্তিজনক সামগ্রি জব্দ কৰিছে। ৰাষ্টীয় তদন্ত সংস্থাৰ তদন্ত অনুসৰি এই সন্দেহজনক লোক কেইজনৰ পাকিস্তানী অভিসন্ধিকাৰীৰ সৈতে যোগাযোগ আছিল আৰু ধনৰ বিনিময়ত ভাৰতত চোৰাংচোৱাগিৰি চলাইছিল। তদন্তকাৰী সংস্থাটোৱে ২০২৩ চনৰে পৰা ৰাষ্ট্ৰীয় সংৰক্ষাৰ সৈতে জড়িত গোপনীয় তথ্য যোগান ধৰা আৰু তাৰ বিভিন্ন মাধ্যমেৰে ধন লাভ কৰা এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত এই গোচৰটো ৰুজু কৰিছিল৷
Assamese | June 1, 2025 11:39 AM | Akashvani | Akashvani News | NIA
পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ গোচৰত দেশৰ ৮ ৰাজ্যৰ ১৫ স্থানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তালাচী