October 17, 2026 12:21 PM | NIA

printer

পৰেশ বৰুৱাকে ধৰি ৫ জন অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগনামা দাখিল

অসমৰ গুৱাহাটীত ২০২৪ চনৰ ১৫ আগষ্টত আই ই ডি উদ্ধাৰৰ সন্দৰ্ভত আলফা (স্বাধীন)ৰ মুৰববী পৰেশ বৰুৱাকে ধৰি পাঁচজন অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, এন আই এ য়ে অভিযোগনামা দাখিল কৰিছে। ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম- ইণ্ডিপেণ্ডেণ্ট বা আলফা (স্বাধীন) হৈছে নিষিদ্ধ সন্ত্রাসবাদী সংগঠন। নিষিদ্ধ সন্ত্রাসবাদী সংগঠন আলফা (স্বাধীন)ৰ মুৰববী বৰুৱাৰ বিৰুদ্ধে গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰা বুলি এক আনুষ্ঠানিক বিবৃতিত প্রকাশ পাইছে। ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩, অবৈধ কার্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ বিভিন্ন ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে বুলি এনআইএৰ বিবৃতিত উল্লেখ কৰা হৈছে ৷NIA

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।