ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত গোচৰত আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। এন আই এৰ গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত পৰহি ৰাষ্ট্ৰীয় সংস্থাটোৱে তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। সংগঠনটোৰ মুৰববী পৰেশ বৰুৱা, অভিজিৎ গগৈ আৰু জাহ্নু বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বে-আইনী কার্যকলাপ প্রতিবোধ আইন আৰু বিস্ফোৰক সামগ্ৰী আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযোগ তোলা হৈছে বুলি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা বছৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ব্যাঘাত জন্মাবলৈ সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক বিস্ফোৰণ সংঘটিত কৰাৰ বাবে লোৱা অভিসন্ধিৰ অংশ হিচাপে গুৱাহাটীৰ বিভিন্ন স্থান আই ই ডি সংস্থাপন কৰা হৈছিল।
Assamese | June 15, 2025 12:40 PM | NIA | ULFA
আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে এন আই এৰ অভিযোগনামা দাখিল