December 3, 2025 12:07 PM

views 74

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

November 17, 2025 6:42 PM

views 72

প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ

গুৱাহাটীৰ টাডা আদালতে আজি প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এটা অপহৰণৰ গোচৰত অভিযুক্ত দৃষ্টি ৰাজখোৱাই আজি আদালতত হাজিৰ হয়। আদালতে দুজন জামিনদাৰ আৰু প্রত্যকৰে এক লাখ টকাৰ জৰিমণাৰ বিনিময়ত ৰাজখোৱাক জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ১৯৯৩ চনত কাৰ্বি আংলং জিলাৰ খেৰণিত কানহায়ালাল গুপ্তা নামৰ এজন ৰে'লৱেৰ ঠিকাদাৰক অপহৰণৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দৃষ্টি ৰাজখোৱাসহ আন কেইবাজনৰো বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। আদালতে গোচৰ সংক্ৰান্তত হাজিৰ হোৱা বাবে দৃষ্টি ৰাজখোৱালৈ চমন জাৰি কৰিছিল য...

October 22, 2025 12:16 PM

views 84

অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ গুলীয়াগুলিত এজন উগ্রপন্থী নিহত

● অৰুণাচলৰ নামচাইত সেনাবাহিনী আৰু আলফা স্বাধীনৰ ভয়ংকৰ গুলীয়াগুলিত আজি এজন উগ্রপন্থী নিহত হয়। আলফা স্বাধীনৰ ৭ জনীয়া এটা দলে অৰুণাচলত প্ৰৱেশ কৰাৰ সময়ত সেনাবাহিনীৰ সৈতে সংঘৰ্ষ হয়। নামচাইৰ ছয়মাইলত হোৱা সংঘৰ্ষত আলফাৰ বনজিত অসম নামৰ কেডাৰজনৰ থিতাতে নিহত হয়। নিহত কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰীৰ ঋতুকঠালগুৰিত বুলি জানিব পৰা গৈছে। ইপিনে সেনাবাহিনীয়ে মঙলবাৰে পুৱতি নিশা অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত এন এছ চি এন কে (ৱাই এ)ৰ শিবিৰত ড্রোনেৰে আক্ৰমণ চলায়। সেনাবাহিনীৰ এই আক্ৰমণত এছ এছ খাপলাঙৰ ভতিজাক...

July 15, 2025 12:29 PM

views 69

আলফাৰ প্ৰত্যাক্ৰমণৰ আশংকাত সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত যোৱা দেওবাৰে হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে সেনা বাহিনী, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। চৰকাৰৰ এই স্থিতিৰ বিপৰীতে সংগঠনটোৱে এটা বিবৃতিত সেনা বাহিনীৰ এই আক্ৰমণৰ ফলত ৩ জন সদস্য নিহত আৰু ১৯ জন আহত হোৱা বুলি প্ৰকাশ কৰিছে। নাগা উগ্রপন্থী সংগঠন এন এছ চি এনেও বিবৃতিযোগে সেনা বাহিনীয়ে ম্যানমাৰত সংগঠনটোৰ শিবিৰক লক্ষ্য কৰি দুটা স্থানত একাধিক ড্রোণ আক্ৰমণ কৰে বুলি ...

June 15, 2025 12:40 PM

views 80

আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে এন আই এৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত গোচৰত আলফা স্বাধীনৰ মুৰববী পৰেশ বৰুৱাকে ধৰি সংগঠনটোৰ তিনিগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। এন আই এৰ গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত পৰহি ৰাষ্ট্ৰীয় সংস্থাটোৱে তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। সংগঠনটোৰ মুৰববী পৰেশ বৰুৱা, অভিজিৎ গগৈ আৰু জাহ্নু বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বে-আইনী কার্যকলাপ প্রতিবোধ আইন আৰু বিস্ফোৰক সামগ্ৰী আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভ...

December 24, 2024 3:40 PM

views 74

আলফা(স্বা) অবৈধ হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত ন্যায়াধীকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব।উল্লেখযোগ্য যে, ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কার্যকলাপ, বলপূর্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত থকা বুলি সংয...

August 31, 2024 6:22 PM

views 82

তিনিচুকীয়াৰ পেঙেৰীত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰকসহ ভালেমান সামগ্রী জব্দ

তিনিচুকীয়াৰ পেঙেৰীত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত সেনা বাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত এটা ৰাইফল, দুটা মেগজিন, গুলী আৰু বিস্ফোৰকসহ ভালেমান সামগ্রী জব্দ কৰা হৈছে। অস্ত্ৰ- শস্ত্রসমূহ উগ্রপন্থী আলফা স্বাধীনৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত শুকুৰবাৰে নিশা আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত চলা অভিযানত মাৰণাস্ত্ৰখিনি জব্দ কৰা হয়।