গুৱাহাটীৰ টাডা আদালতে আজি প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এটা অপহৰণৰ গোচৰত অভিযুক্ত দৃষ্টি ৰাজখোৱাই আজি আদালতত হাজিৰ হয়। আদালতে দুজন জামিনদাৰ আৰু প্রত্যকৰে এক লাখ টকাৰ জৰিমণাৰ বিনিময়ত ৰাজখোৱাক জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ১৯৯৩ চনত কাৰ্বি আংলং জিলাৰ খেৰণিত কানহায়ালাল গুপ্তা নামৰ এজন ৰে’লৱেৰ ঠিকাদাৰক অপহৰণৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দৃষ্টি ৰাজখোৱাসহ আন কেইবাজনৰো বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। আদালতে গোচৰ সংক্ৰান্তত হাজিৰ হোৱা বাবে দৃষ্টি ৰাজখোৱালৈ চমন জাৰি কৰিছিল যদিও নিৰ্ধাৰিত দিনত হাজিৰ নোহোৱা বাবে আদালতে দৃষ্টি ৰাজখোৱাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। সেই অনুসৰি আজি অভিযুক্ত ৰাজখোৱাই আদালতত হাজিৰ হৈ আদালতৰ কোনো গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰা নাই বুলি অৱগত কৰে। এই ভাষ্যৰ আধাৰতে আদালতে অভিযুক্ত ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে।
Assamese | November 17, 2025 6:42 PM | Akashvani | Akashvani Guwahati | Dristri Rajkhowa | ULFA
প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ