পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ বান্নু জিলাৰ মালিখেলৰ এটা নিৰাপত্তা চকীক লক্ষ্য কৰি যোৱা নিশা চলোৱা এটা আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত হয় আৰু অন্য ১০ জন গুৰুতৰভাৱে আহত হয়। পাকিস্তানৰ সামৰিক বাহিনীৰ সংবাদ শাখা আই এছ পি আৰে প্ৰকাশ কৰা মতে, আক্ৰমণকাৰীসকলে বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন বাহনে চকীটোৰ দেৱালত খুন্দিয়ায়। ইয়াৰ পাছত সুৰক্ষা বাহিনীৰ সৈতে হোৱা গুলিয়াগুলীত চকীটোৰ পৰা আক্ৰমণ চলোৱা ৬জন আক্ৰমণকাৰী নিহত হয়।
Assamese | November 20, 2024 9:11 PM | Pakistan Bomb Blust | Pakisthan | Terrorist
পাকিস্তানত নিৰাপত্তা চকীক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত