জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি নতুন দিল্লীত দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে, ১৯৬৪ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল। ৪০ বছৰীয়া এই অভিজ্ঞতাপুষ্ট সময়ছোৱাত তেওঁ সেনাবাহিনীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২২ চনৰ পৰা ২০২৪ চনলৈকে লেফেটেনেণ্ট জেনেৰেল হিচাপে তেওঁ সেনাৰ দায়িত্ব পালন কৰিছিল৷ ৰেৱাৰ সৈনিক স্কুলত স্কুলীয়া জীৱন সাং কৰাৰ পিছত নেচনেল ডিফেন্স কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। সেনা বিষয়াগৰাকীয়ে পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা আৰু ব্যৱস্থাপনা বিভাগত এম ফিল তথা কৌশলগত অধ্যয়ন আৰু প্ৰতিৰক্ষা বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
Assamese | June 30, 2024 7:44 PM | Indian Army
দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ দায়িত্ব গ্ৰহণ