কেবিনেটৰ নিযুক্তি সমিতিয়ে সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল এমাহৰ বাবে অৰ্থাৎ অহা ৩০ জুনলৈকে বৃদ্ধি কৰাৰ বাবে অনুমোদন দিছে। চলিত মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিব লগা পাণ্ডেৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২০২২ চনৰ ৩০ এপ্ৰিলত তেওঁক সেনা বাহিনীৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছিল। শ্ৰীপাণ্ডেই ১৯৮২ চনৰ ডিচেম্বৰত ইঞ্জিনীয়াৰিং ক’ৰত নিযুক্তি লাভ কৰিছিল।
Assamese | May 26, 2024 8:30 PM | Indian Army
সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল ৩০ জুনলৈ বৃদ্ধি