ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকে বুলি ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে পাকিস্তানৰ ছায়া যুদ্ধক কোনো কাৰণতে সহ্য কৰা নহব । সাবিত্রী বাই ফুলে পুণে বিশ্ববিদ্যালয়ত ভৱিষ্যতৰ যুদ্ধ আৰু যুদ্ধ কৌশল সন্দৰ্ভত বক্তৃতা দি শ্রীচৌহানে আজি এইদৰে প্ৰকাশ কৰে। সেনা বাহিনীৰ নতুন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে তেওঁলোকে সামৰিক অভিযানৰ সন্ত্ৰাসবাদক পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ সৈতে সংযুক্ত কৰিছে। তেওঁ কয় যে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ ক্ষীপ্ৰ আৰু নিখুত প্ৰত্যুত্তৰ হিচাপে আৰম্ভ কৰা অপাৰেশ্বন সিন্দূৰৰ জৰিয়তে সীমান্তৰ সিপাৰৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী শিবিৰসমূহত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল।
Assamese | June 3, 2025 9:30 PM | Akashvani News | Army | General Anil Chauhan | Indian Army | Pahalgam attack
ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকেঃ ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান