আজি আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদকদ্রব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্রত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে ‘বিশ্বৰ ড্ৰাগছ সমস্যাঃ নিৰন্তৰ সমস্যা, নতুন প্রত্যাহ্বান, উদ্ভাৱনীমূলক সমিধান’। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি মটৰ চাইকেল শোভাযাত্রা উলিওৱা হয়। জিলা আযুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্রব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।

বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্রহণ কৰা হয়। আন্তর্জাতিক মাদক দ্রব্য অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় ১৩ কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চ্যুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। জিলা প্রশাসন, স্বাস্থ্য বিভাগ আৰু আবকাৰী বিভাগৰ সহযোগত আয়োজিত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকি যুব সমাজক মাদক দ্রব্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক ড্ৰাগছ সৰবৰাহ সম্পৰ্কীয় তথ্য আৰক্ষীক জনাবলৈ অনুৰোধ জনায়।

ওদালগুৰি জিলাতো আজি জিলা প্রশাসনে ২০২৩ চনৰ মে মাহৰ পৰা ২০২৫ চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্রায় ৬৫ কোটি টকা মূল্যৰ মাদক দ্রব্য নষ্ট কৰে।

কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্রা উলিয়ায়।

নিচামুক্তি ভাৰত অভিযানৰ লগত সংগতি ৰাখি মাজুলী আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক মাদকদ্রব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকতীয়া মহাবিদ্যালয়ত দ্রাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্রী ধনদিয়া, নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ ৰায়, মাদকদ্রব্য নিবাৰণী পৰিষদৰ বিষয়ববীয়াসকলে মাদকদ্রব্য নিবাৰণ আৰু ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে ভাষণ আগবঢ়ায়।

লক্ষিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এন্টি নাৰকোটিক্স এণ্ড ড্রাগছ ছেল, এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।