June 26, 2026 7:32 PM

views 3

আজি আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদকদ্রব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্রত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে 'বিশ্বৰ ড্ৰাগছ সমস্যাঃ নিৰন্তৰ সমস্যা, নতুন প্রত্যাহ্বান, উদ্ভাৱনীমূলক সমিধান'। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি মটৰ ...