ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমান ২৬ লাখ ৫০ হাজাৰ পঞ্জীয়নভুক্ত কৃষক আছে।

পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ’ব লাগে যদিও আনৰ মাটি আধিয়া লৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে।

মন্ত্ৰীগৰাকীয়ে কয়, যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে, তাৰবাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে যুটীয়াভাৱে আয়োজন কৰা ইণ্টাৰফেচৰ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী হাজৰিকাই কয়, যে কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে অসমত বীজ পাম স্থাপনৰ বাবে ১৫০ বিঘা মাটি বিচাৰিছে।

এই পাম স্থাপনৰ বাবে ৪ ঠাইত ইতিমধ্যে মাটি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰী হাজৰিকাই কয়, যে কৃষকক ভাল উদ্ভিদ শস্যৰ পুলি দিয়াৰ বাবে কঠীয়াতলীত উদ্ভিদ শস্যৰ পুলি প্ৰস্তুত কৰিবলৈ ১০০ বিঘা মাটিত এখন নাৰ্ছাৰী স্থাপন কৰা হ’ব আৰু ভৱিষ্যতে এই নাৰ্ছাৰীৰ অধিক সম্প্ৰসাৰণ কৰা হ’ব।

ভৱিষ্যতে ৰাজ্যৰ উদ্যান শস্য আৰু পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে দেশে চাহ, মাছ-মাংস, ফল-মূল আৰু শাক-পাচলিৰ দৰে কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি কোটি কোটি ডলাৰ উপাৰ্জন কৰে যদিও এই ক্ষেত্ৰত অসমৰ অৱদান অতি নগন্য। শীঘ্ৰে এই পৰিস্থিতি সলনি হ’ব লাগিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।

মাহজাতীয় শস্য আৰু ৰন্ধন তেল আমদানিৰ বাবে বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ যোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কণী, মাছ, কুকুৰা আৰু গাহৰি আদিৰ উৎপাদন বৃদ্ধি কৰি অসমে সম্পূৰ্ণ স্বাৱলম্বিতা অৱলম্বন কৰা উচিত।

ইপিনে, মৰিগাঁও জিলা কৃষি বিভাগে কৃষক পঞ্জীয়ন প্রক্রিয়া অধিক গতিশীল কৰাৰ উদ্দেশ্যে জিলাখনত একাধিক পদক্ষেপ লৈছে।

জিলাখনৰ বিভিন্ন গাঁও-পঞ্চায়তত এতিয়ালৈকে পঞ্জীয়ন নকৰা কৃষকসকলক পঞ্জীয়নৰ আওতালৈ অনাৰ লক্ষ্যৰে বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰসমূহত কৃষকসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ আৰু সুচলভাৱে সম্পন্ন কৰাৰ ব্যৱস্থা লোৱা হৈছে।

ইয়াৰ উপৰি কৃষকসকলক সহজে শস্য বীমাৰ সুবিধা প্রদান কৰাৰ উদ্দেশ্যে এই শিবিৰসমূহত প্রয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱা হৈছে।