● গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নির্দেশ বাহাল ৰাখিছে।
কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চলকেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নির্দেশ বাহাল ৰাখে।
অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাবে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বত ৩০ দিনৰ পৰিৱৰ্তে ৪৫ দিনলৈ বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে যোৱা ৮ জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক ৩০ দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল।
তদুপৰি এই সময়সীমা অতিক্রম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কর্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নির্দেশ দিছিল।
উচ্চ ন্যায়ালয়ৰ এই নির্দেশক প্রত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপীল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে।