আঞ্চলিক সংবাদ

July 1, 2026 8:27 PM

views 7

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়, নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্রী অশোক সিংহলৰ

স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্রীসিংহলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্রুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এম...

July 1, 2026 8:22 PM

views 8

খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ৰ পর্যালোচনা বৈঠক

খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, গৃহ নির্মাণ, নগৰ পৰিক্ৰমা আৰু সমবায় মন্ত্রী কৌশিক ৰায় আজি কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দিৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা বিভাগৰ বিস্তৃত পর্যালোচনা বৈঠকত অংশ লয়। সভাত ৩ খন জিলাৰ স্থানীয় বিধায়ক, জ্যেষ্ঠ প্রশাসনিক বিষয়া আদি উপস্থিত থাকে। ৰাজহৱা বিতৰণ ব্যৱস...

July 1, 2026 8:18 PM

views 8

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সা-সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ প্ৰদান

কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্ববাহী বিষয়াই আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্রয়াত শিল্পীগৰাকীৰ সা-সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত ৯ লাখ ৬৩ হাজাৰ ৭৮০ টকা জমা ধন আছে। উল্লেখযোগ্য যে, শিল্পীগৰাকীৰ সা-সম্পত্...

July 1, 2026 8:15 PM

views 11

দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা তিনিখন আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ তৃতীয় শ্রেষ্ঠ ৰাজ্য

দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্রেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম ৰূপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত হাৰিয়ানা প্রথম, গোৱা দ্বিতীয় আৰু অসম তৃতীয় স্থানত আছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রকাশ কৰা মতে...

July 1, 2026 8:09 PM

views 7

কোকৰাঝাৰ, শ্রীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী, বৰপেটাৰ আজি ৪৪ সংখ্যক জিলা দিৱস

আজি কোকৰাঝাৰ, শ্রীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ ৪৪ সংখ্যক জিলা দিৱস। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেওখন জিলাতে ভিন ভিন কার্যসূচী অনুষ্ঠিত হৈছে। ১৯৮৩ চনৰ ১ জুলাইত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ যোৰহাট জিলা গ...

July 1, 2026 8:01 PM

views 5

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্যসূচীৰ আয়োজন

ৰাষ্ট্ৰীয় চিকিৎসক দিবস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে অংশগ্রহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি চিকিৎসকসকলৰ দায়বদ্ধতা পুনৰাবৃত্তি কৰাৰ উপৰি তেওঁলোক...

July 1, 2026 7:56 PM

views 9

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ আশংকা বৃদ্ধি

অৰুণাচল প্রদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্রতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষ...

July 1, 2026 2:40 PM

views 19

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়া...

July 1, 2026 2:24 PM

views 15

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কালি ধাৰাসাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰ...

July 1, 2026 2:19 PM

views 9

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি

শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি ১৮টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰচে, তিনটিকীয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ ১৩ খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লি...