জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সা-সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ প্ৰদান

কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্ববাহী বিষয়াই আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্রয়াত শিল্পীগৰাকীৰ সা-সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত ৯ লাখ ৬৩ হাজাৰ ৭৮০ টকা জমা ধন আছে। উল্লেখযোগ্য যে, শিল্পীগৰাকীৰ সা-সম্পত্তিৰ উত্তৰাধিকাৰ বিচাৰি গৰিমা শইকীয়া গার্গে জিলা আৰু ছেছন আদালতত আবেদন জনাইছিল। এই আবেদনৰ ভিত্তিত ছেছন আদালতে যোৱা ১৮ জুনত এটা নির্দেশযোগে গৰিমা শইকীয়া গাৰ্গক মান্যতা প্রদান কৰে আৰু আজি তেওঁক উত্তৰাধিকাৰীৰ প্ৰমাণপত্ৰখন প্ৰদান কৰা হয়।

ইপিনে, ন্যায়ায়ীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰে।