July 1, 2026 8:15 PM

printer

দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা তিনিখন আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ তৃতীয় শ্রেষ্ঠ ৰাজ্য

দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্রেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম ৰূপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত হাৰিয়ানা প্রথম, গোৱা দ্বিতীয় আৰু অসম তৃতীয় স্থানত আছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রকাশ কৰা মতে প্রশাসনিক সংস্কাৰ, অভিযান দক্ষতা, তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সমন্বয়ৰ ভিত্তিত ৰাজ্যসমূহৰ বাছনি তালিকা প্রকাশ কৰা হৈছে। মন্ত্রালয়ে প্রকাশ কৰা মতে এই নতুন আইন তিনিখনৰ অধীনত দুবছৰত ৭৪ লাখ ৬৬ হাজাৰ ৰুজু কৰা হৈছে আৰু যৌন অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰ ৪৪ শতাংশৰ পৰা ৭৫ দশমকি ১-৬ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে ৯০ দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিলৰ হাৰো ৩৯ দশমিক ৫-৬ শতাংশৰ পৰা ৬০ দশমিক ৯-৬ শতাংশলৈ বৃদ্ধি পাইছে।